সি মূৰতল কৰি পিচবাৰাণ্ডাৰ চিৰিত বহি আছে ৷ দেওবাৰ, দেউতাক অফিচলৈ নাযায় , সেয়ে তাৰ অশান্তি বেছি হৈছে ৷ সিহঁতৰ খেলাৰ ঠাই গাতে লাগি থকা ছোৱালী স্কুলখনৰ ফিল্ডৰ পৰা খেলি থকা কাৰোবাৰ কাৰোবাৰ মাত যিমানে আহি তাৰ কাণৰ পৰিছে সিমানেই তাৰ উচপিচনি বাঢ়ি গৈছে ৷ ৰেডিঅ’ত ইতিমধ্যে অকণিৰমেল শেষ হৈ প্ৰথম অধিৱেষণৰ অন্ত পৰাৰ ঘোষণা হৈছে ৷ ফিল্ডলৈ যাবলৈ বুলি অকণমান তপিনা দাঙোতেই বাৰাণ্ডাৰ পৰা দেউতাকে ধমকি দি উঠিল,-“নোৱাৰ যাব ৷” দেউতাকে ল’ৰা-ছোৱালীকেইটাৰ ওপৰত কেতিয়াও হাত নোতোলে কিন্তু কিবা ইৰিক-বিৰিক কৰিলে পোন্দোৱাকৈ চালেই সিহঁত চেঁচা পৰি যায় ৷ কেতিয়াবা সীমা চেৰাই যোৱা উৎপাত বা আন তেনে কথা হ’লে দাঁত কৰচি মুকুটিয়াই দিম বুলি হুঙ্কাৰ দি হাতৰ মুঠিটো টান কৰি ল’লেও সিমানতে ৰয় ৷ মাকেও পাকঘৰৰ দুৱাৰমুখৰ পৰা পোন্দোৱা চাৱনি এটা দিলে যদিও সি বুজি পালে যে মাকৰ সেই চাৱনিত দেউতাকৰ দৰে খং নাই যদিও অলপ বেজাৰ মিহলি হৈ আছে ৷ তাৰ বেয়া লাগিল ৷ ডাঙৰ বায়েকে চিৰিটোতে তাৰ ওচৰত বহি কাণত ফুচফুচাই ক’লে,-“দুদিন ধৈৰ্য্য ধৰ ; ঠিক হৈ যাব ৷ এইবাৰ ভালকৈ পঢ়ি দেখুৱাই দিবি ৷”
দুটা দিন এনেদৰে কেনেকৈ পাৰ কৰিব সি ভাবি পাৰ নেপালে ; আৰু ভাবিলে যে সিটো ভালকৈয়ে পঢ়ে ; পঢ়াৰমেজত প্ৰায়ে টোপনি যায় যদিও পঢ়িবলগীয়া পাঠকেইটা সি পঢ়েই আৰু ঘৰৰকামখিনি সিতো যেনেতেনে পূৰা কৰে ৷ ঘৰৰকাম নকৰা বুলিতো সি কোনোদিনে স্কুলত চাৰৰ মাৰ খাবলগা হোৱা নাই , আৰু টোপনি ধৰাতনো তাৰ কি দোষ , সকলোৰেইতো টোপনি ধৰে ৷ আগদিনা সি বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট লৈ অহাৰে পৰা কিনো হৈছে জানো ঘৰখনত – মাক দেউতাকৰ মন বেয়া - দেউতাকে ডাঙৰকৈ আৰু মাকে সৰুমাতেৰে তাক বকি আছে, ডাঙৰ বায়েকেও তাতে মিহি মিহিকৈ যোগ দিছে ; মাজু বায়েক, সৰু বায়েকহঁতে বেছি মূৰঘমোৱা নাই ৷ কি কি দোষৰ কাৰণে সদাই প্ৰথম বা দ্বিতীয় হোৱা সি পঞ্চম শ্ৰেণীৰ বছৰেকীয়াত চতুৰ্থলৈ খহি পৰিল তাৰ বিশদ বিশ্লেষণ চলিছে ; মাজে মাজে দেউতাকে মাকলৈ দোষ থেলিছে,-“বেছি লাই দি দি মূৰ খাইছা তাৰ; সেইবোৰ বন্ধ কৰা নহ’লে এই খহাৰ পৰা উদ্ধাৰ নহ’ব ৷” মাকেও উত্তৰ কাটিছে,-“ওস্ , দোষ মোলৈ থেলিছে চোৱা ; নিজে যে সন্ধিয়া সন্ধিয়া নাটকৰ ৰিহাৰ্চেল, অ’ত মিটিং ত’ত মিটিং সেইবোৰলৈ ওলাই যায় সেয়া তল পৰিল ৷ সন্ধিয়া মই ভাতেই ৰান্ধিম নে ইহঁতকে চাম ৷”
চতুৰ্থ হোৱাটো কি এনে ডাঙৰ দোষ হ’ল সি তৎ ধৰিব পৰা নাই ; পৰীক্ষাত কোনোবা নহয় কোনোবা প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থতো হ’বই ৷ সঞ্জীৱ প্ৰথম হ’ল – হয়েই প্ৰায়ে, বিজয়ে তাতকৈ চাৰি-পাঁচ নম্বৰমান বেছি পাই দ্বিতীয় হ’ল আৰু ঘনশ্যামে একনম্বৰ বেছি পাই তৃতীয় হ’ল ৷ তাৰ মনত আছে একেবাৰে শেষৰ অঙ্কটোৰ উত্তৰটোত লৰালৰিতে তাৰ শেষৰ শূণ্যটো লিখিবলৈ থাকি গ’ল, কাৰণ নলেগলে লগা বন্ধু ত্ৰিদীপে বহী জমা দি তালৈ বাহিৰত ৰৈ আছিল ; সেইকাৰণে চাগে চাৰে তাক সেই অঙ্কটোত শূণ্য দিলে আৰু সি চতুৰ্থলৈ নামি গ’ল – গ’ল যদি গ’ল, তাতেনো কি ইমান দিনটো তাক ঘোপাচকু দেখুৱাই থাকিব লগা কথা হ’ল ! এটা শূণ্যৰ কাৰণে ইমান কথা ! কথা হয়ো অৱশ্যে-- শেষৰ শূণ্যটো নেপাতিলে যে পাঁচশ দহ সংখ্যাটো সৰু হৈ মাত্ৰ একাৱন্ন হৈ যায় ! একো নোহোৱা বুলি কোৱা শূণ্যটোৰে ইমান কোব , তাৰ খেলাধূলাও বন্ধ কৰি পেলাইছে !
এঘাৰমান বজাত আগফালৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে ; বাইদেৱেকে দুৱাৰ খুলি আলহীক বহিবলৈ দিয়া তাৰ কাণত পৰিল ৷ দেউতাকে আগন্তুকক দেখা কৰিবলৈ বহাকোঠালৈ গ’ল ৷ এনেতে বাইদেৱেকে তাক আহি ক’লে,-“তোৰ চৌধুৰীচাৰ আহিছে ৷” তাৰ বুকুখনত ঢককৈ মাৰিলে, হ’ল আৰু আকৌ বকনি আৰম্ভ হ’ব, আশঙ্কাত সি সুধিলে,-“তিলক চৌধুৰী চাৰ ?”
--“নহয় তবলাৰ চৌধুৰী চাৰ ৷”
বুকুখন শাঁত পৰি গ’ল তাৰ ; আস কালিপদ চৌধুৰীচাৰ আহিছে ৷ ৰাতিপুৱা যে তাৰ সঙ্গীত বিদ্যালয়লৈ যোৱা নহ’ল তাৰে খবৰ লবলৈ আহিছে চাগে ৷ সি কোঠাৰ মাজৰ কৰিডৰটোৰে গৈ পৰ্দাৰ আঁৰেৰে চৌধুৰীচাৰলৈ চালে ৷ চাৰৰ মুখখন সেমেনা পৰিছে কাৰণ তাৰ পৰীক্ষাৰ ফলাফলৰ বাবে কিছু দোষ দেউতাকে তেওঁৰ ওপৰতো দিছে ৷
--“আপুনি তবলাত তাৰ মনটো বেছিকৈ সুমুৱাই দিয়া কাৰণেও সি পঢ়াত তল পৰি গৈছে ৷”
--“না না , সৰু ল’ৰা কেতিয়াবা পৰীক্ষাত অলপ ইফাল-সিফাল হৈ যায় ৷ আজি তাঁহাতক এটা নতুন কায়দা শিকোৱা কথা আছিল, কিন্তু সি নগ’লেই ৷ সিতো ক্ষতি নকৰেই না, সেইকাৰণে --”
--“ময়েই যাবলৈ দিয়া নাই, পঢ়া যদি ঠিক নাথাকে তবলা শিকি কি লাভ হ’ব ৷”
--“না না, তেনেকুৱা নকৰিব, জানেইতো সি তবলা কিমান ভাল পায় আৰু তাৰ হাতখনো ভাল ৷”
মাকে চাৰক চাহ যতনাই দিলে আৰু মাকৰ উপস্হিতিত পৰিস্হিতিটো অলপ নৰম হোৱাত চাৰে সাহ বান্ধি ক’লে –“আজিতো তাৰ ক্লাচলৈ যোৱা নহ’ল কিন্তু আবেলি জেইল ৰোডত এঘৰত গানৰ আসৰ আছে , তাক লৈ যাম বুলি ভাবিছিলোঁ – এই ধৰক দুই-তিনি ঘণ্টামানৰ বাবে ৷”
দেউতাকে ক’লে,-“আহ হা, আকৌ আসৰ ! এইবোৰত লাগি লাগি পঢ়াৰ পৰা তাৰ মন উঠি গৈছে ৷ আজি নালাগে যাব ৷”
--“আজি আসৰ ৰমনীবাবুৰ ঘৰত, কেইবাজনো ভাল গা্য়ক আহিব – তেওঁলোকৰ লগত বজোৱাটো বেছ ভাল অভিজ্ঞতা হ’ব ৷ আৰু ৰমনীবাবু আমাকে নিজে বল্ল – ‘আপনাৰ সঙ্গেযে বাজায় সেই ছোট্ট চেলেটি ওকে নিয়ে আসবেন , ভাৰী সুন্দৰ বাজায় চেলেটি , সবাই ভাল পাবে’ – আৰ আমি হা বলে দিয়েছি ৷”
মাকে মাত দিলে,-“হ’ব দিয়ক আজি যাব সি ; কিন্তু তবলাত ইমান মজি গৈছে হয়তো সেয়ে পঢ়াত মন অলপ কমিছে ৷ আপুনিও বুজাবছোন ৷”
--“হ’ব মই বুজাম ৷ দুই বজাত তাক লৈ যাম আৰু ছয় বজাৰ আগেয়ে লৈ আহিম ৷”
মাকে পৰ্দাৰ আঁৰৰ পৰা তাক চাৰৰ ওচৰলৈ লৈ গ'ল ৷
--“কি ৰে বাবা, পৰীক্ষা বেছি ভাল নহ’ল ? ভালকে পঢ়িবা , মা বাবাই মনত বেয়া পাইছে নহয় ৷ বাৰু মই যাওঁ , দুই বজাত আহিম ৷”
চাৰ ওলাই যোৱাৰ পিছত দেউতাকে ক’লে,-“আজিয়েই শেষ, এইদৰে আসৰত বজাই ফুৰা নচলিব ৷ পঢ়িবি আৰু যি তবলা বজাও ঘৰতে বজাবি ৷ পঢ়া ঠিক নহ’লে তোৰ পিঠিত তবলা বাজিব ৷ আজিয়েই শেষ, আসৰ ফাংচন এইবোৰত বজোৱা আজিয়েই শেষ ৷”
কিন্তু সি জানে আসৰ, ফাংচন এইবোৰ আজিয়েই শেষ নহয় ৷ তেনেকৈ আজিয়েই শেষ বুলি কোৱা কিমান কাম দিনৰ পিছত দিন চলিয়েই আছে ৷ মিনুৱে ডবল টাচ কৰি পূৰ্ণহতীয়াকৈ মাৰি পঠিওৱা টাংগুটিটো তাৰ কপালতে কাটৌপকে পৰাৰ পিছত ফুলা কপালেৰে ঘৰলৈ ওভতোতেও দেউতাকে বিষৰ মলম লগাই দি প্ৰচণ্ড খঙত কৈছিল,-“চকুটোযে বাচিল ! এইচব বনৰীয়া খেলা আজিৰ পৰা বন্ধ ৷” কিন্তু টাংগুটি খেলা চলিয়েই আছে ৷ স্কুলত সময়তকৈ আগতেই উপস্হিত হৈ মাৰ্বল খেলা দেখিলে চাৰে কয়,-“আন য’ত খেল খেলিবিগৈ , কিন্তু স্কুলত মাৰ্বলখেলা আজিয়েই শেষ ৷” কিন্তু জেপভৰ্তি মাৰ্বলেৰে সকলোৱে প্ৰাৰ্থনাৰ আগতে মাৰ্বল খেলিয়েই আছে ; অৱশ্যে ক্লাচৰুমলৈ মাৰ্বল নিনিয়ে , চকীদাৰৰ ওচৰত টোপোলা কৰি থৈ যায় ; চকীদাৰেনো ইমানবোৰ টোপোলা কেনেকৈ চিন দি ৰাখে তেওঁহে জানে ৷ ঘৰতে হওক বা স্কুলতেই হওক লাটুম খেলাও ‘আজিয়েই শেষ’ বুলি কতবাৰ গৰ্জন হ’ল ; কিন্তু লাটুমৰ জোংটোৱে পেণ্টৰ জেপ ফুটায়েই আছে , মাক আৰু বায়েকে সেই ফুটা পকেট চিলাই কৰিয়েই আছে আজিলৈকে ৷ দেউতাকে কিনি দিয়া মজলীয়া আকাৰৰ ৰঙীন লাটুমটোৰ উপৰিও তাৰ হাতত এতিয়া আছে এটা ডাঙৰ লাটুম – তাৰ বন্ধু দিলীপে খাচিয়া কাঠমিস্ত্ৰীৰ পৰা বনোৱাই অনা এটা ডাঙৰ লাটুম , দেখিবলৈ বজাৰৰ পৰা অনাবোৰৰ দৰে ধুনীয়া নহয় কিন্তু বঢ়িয়া ঘূৰে আৰু ঘূৰোতে ভোঁ-ভোঁকৈ শব্দ কৰে ৷ মিনুহঁতৰ লগত চক্কা চলোৱা দেখিলে তেনেকুৱা বাজেল’ৰাৰ খেল ‘আজিয়েই বন্ধ’ বুলি দেউতাকে, খুৰাকে, টুকনৰ পিতাকে কতবাৰ হুমকি দিছে ; হুমকিৰ পাচদিনা বন্ধ ৰখাৰ পিচত সিহঁতৰ চক্কবোৰ দেখোন আকৌ চলে ৷
তবলাত তাৰ হাতখন ক্ৰমাৎ ভাল হৈ আহিছে ; সি এনেই তবলা বজাই ভাল পায় তাতে কালিপদ চাৰৰ মৰমে আৰু ভূপেন শৰ্মাচাৰৰ উদগনিয়ে তাৰ উৎসাহ আৰু বঢ়াইছে ৷ পাহাৰীয়া ৰাজধানী নগৰখনৰ সাংস্কৃতিক ক্ষেত্ৰৰ অক্লান্ত কৰ্মী আৰু সুঅভিনেতা দেউতাকে ঘৰখনত এটা সাংস্কৃতিক পৰিমণ্ডল সৃষ্টি কৰিবলৈ বা্যেকহঁতক শাস্ত্ৰীয় সঙ্গীত, তাক তবলা আৰু ভনীয়েকক সত্ৰীয়া নৃত্য শিকাৰ ব্যৱস্হা কৰি দিছে ৷ সেই শিক্ষা ল’বলৈ বায়েকহঁত যায় ৰমানন্দ পাঠক চাৰৰ ঘৰলৈ আৰু ভনীয়কৰ সৈতে সি যায় ভূপেন শৰ্মাচাৰৰ তত্বাৱধানত চলা সঙ্গীত বিদ্যালয়লৈ ৷ সঙ্গীত বিদ্যালয়খনৰ সত্ৰীয়া নৃত্যৰ দলে নগৰখনৰ বিভিন্ন মঞ্চ আৰু অসমৰ কেবাখনো ঠাইৰ লগতে লক্ষ্ণৌৰ সঙ্গীত সমাৰোহতো নৃত্য পৰিৱেশন কৰিছে আৰু ভনীয়েকেও দলৰ সৈতে যোৱাৰ সুযোগ পাইছে ৷ তাক আৰু অপূৰ্বক কালিপদ চাৰ আৰু শৰ্মাচাৰে দুখনমান অনুষ্ঠানত শাস্ত্ৰীয় আৰু আধুনিক গানৰ সৈতে তবলা বজাবলৈ দিছে ৷ ৰাজ্যিক পুথিভঁৰালৰ প্ৰেক্ষাগৃহত হোৱা আনন্দ সন্মিলনৰ বছৰেকীয়া প্ৰতিযোগিতাতো স্বতন্ত্ৰ তবলা বাদনত তাৰ শাখাত সি ইতিমধ্যে দুবাৰ প্ৰথম হৈছে ; সি পুৰস্কাৰ লোৱা চাবলৈ মাকৰ লগতে থৰক-বৰক খোজেৰে আইতাকো প্ৰেক্ষাগৃত উপস্হিত হৈছেগৈ ৷ নগৰখনৰ বাঙালীলোকৰ বসতিপ্ৰধান অঞ্চলবোৰত হোৱা গানৰ আসৰ বা বৈঠকলৈ কালিপদ চৌধুৰী চাৰে প্ৰায়েই তাক লৈ যায় ; তাৰ অভ্যাস বঢ়াবলৈ গানৰ সৈতে নিজে সঙ্গত কৰাৰ লগতে চাৰে তাকো সঙ্গত কৰিবলৈ দিয়ে , কেতিয়াবা লহৰাও বজাবলৈ দিয়ে ৷ তবলা বজোৱাৰ নিচাই তাক ভালকৈয়ে ধৰিছে ৷ কৰবাত বহিলেই গম নোপোৱাকৈয়ে তাৰ হাত দুখনে তবলাৰ লহৰা বজাবলৈ ধৰে আঁঠু দুটাত, চকীৰ হেণ্ডেলত, পঢ়াৰ মেজত ৷ স্কুলৰ বেঞ্চত লহৰা চলিলেই কেতিয়াবা নিৰস্ত কৰে বন্ধু ত্ৰিদীপে আৰু সেয়ে নহ’লে আঙুলিত চাৰৰ কাঠৰ স্কেলৰ কোবে ৷ দেউতাকে তাৰ তবলা বজোৱাৰ কোব দেখি পণ্ডিত শান্তা প্ৰসাদ বুলি জোকায় ৷ কেতিয়াবা বন্ধুবোৰ নাহিলে বা আবেলিতে কুঁৱলী নামি জাৰ পৰি আহিলে ডাঙৰ আৰু মাজু বাইদেৱেকে বিচনাত হাৰমনিয়াম লৈ গান গাবলৈ বহে ৷ ৰেৱাজৰ পিচত দু্য়ো গাবলৈ লয় আধুনিক গান ; মাজুবায়েকে লয় হাৰমনিয়ামখন কাৰণ তাই যিকোনো গানৰ স্বৰ তৎক্ষণাত উঠাব পাৰে ৷ মাকৰ ফৰমাইচ মতে দুয়ো লেথেৰীনিচিগাকৈ গাই যায় ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, মিহিৰ বৰদলৈ, জ্যোতিষ ভট্টাচাৰ্য্য, জ্যোতিৰ্ময় কাকতি, দিপালী বৰঠাকুৰ, বীৰেন্দ্ৰনাথ দত্ত, ৰফি, লতা আদিৰ গান ৷ কোনোবাটোৰ গায়ন মনঃপুত নহ’লে মাকে কয় –“আজি এইটো গান ভাল হোৱা নাই, কালিলৈ আকৌ ভালকৈ গাবি ৷” কুঁৱলী আৰু জাৰৰ বতৰত বাহিৰলৈ যাব নোৱাৰি ভিতৰতে খচমচাই থাকিলে মাকে তাক কয়,-“বাহিৰতযে বজাবগৈ পাৰ ঘৰত কিয় নোৱাৰ ? যা বায়েৰহঁতৰ লগত তবলা বজাগৈ ৷” কিন্তু সি লগত তবলা বজালে বায়েকহঁতে বেছি ভাল নেপায় – ‘একো মিলা নাই যা’ বুলি কয় ৷ ৰেডিঅ’ৰ গানৰ সৈতে সঙ্গত কৰিবলৈ তবলাযোৰ উলিয়াই ল’লেও বায়েকহঁতে টানকৈ কয়,-“গান শুনিবলৈ দে ডিষ্টাৰ্ব নকৰিবি, ভৰাই থ সেইযোৰ ৷” এবাৰ বায়েকহঁতক তবলা বজোৱাৰ কিটিপ বেছিকৈ দেখুৱাবলৈ বুলি সি বায়াটো বড্ডি এডালত দাঁতেৰে কামুৰি তুলি লৈ ধুম ধুমকৈ বজাওঁতে দাঁতৰ পৰা বড্ডি পিচলি গৈ বায়াটো ধমকৈ মজিয়াত পৰিল আৰু তাৰ মাটিৰ খোলাটোত ওপৰৰ পৰা তললৈ দীঘলকৈ ফাঁট এটা মেলিলে ৷ মাকে খঙতে দুঢকা দি টোপটোপকৈ গলা মম দি ফাঁটটো ঢাকি দিলে, কিন্তু বায়াটোৰ পৰা ফটাঢোলৰ মাতেই ওলাই থাকিল ৷ দেউতাকে অফিচৰ পৰা আহিয়েই কথাটো গম পালে – কোনোবা এজনীয়ে ভালৰি বোলাবলৈ অহাৰ লগে লগে কৈ দিলে চাগে ৷ সি দূৰে দূৰে থাকিলেও দেউতাকে বেছি গালি লেপাৰিলে মাথো ক’লে,-“আৰু এটা বায়া আনি দিম বুলি ভাবিছ নেকি ? বজাই থাক ফটা তবলা ৷ যদি বাদ্যটোৰ প্ৰতি শ্ৰদ্ধায়েই নাই তেনে শিকিছ কিয় !”
আনদিনা ততাতৈয়াকৈ ভাত খাই সকলোৱে স্কুললৈ দৌৰে , সেয়ে দেওবাৰে সকলোৱে নিজৰ নিজৰ ভাগত পৰা কামবোৰ কৰি আকাশবাণী গুৱাহাটীৰ মধ্যাহ্ন অধিৱেশনৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নাটক আৰম্ভ হওঁতেহে ভাত খায় ৷ কিন্তু সেইদিনা আইদেউৰ বুলনি আৰম্ভ হওঁতেই মাকে তাক আগতীয়াকৈ ভাত বাঢ়ি দিলে ৷ খাইবৈ কাপোৰ সলাই সি সাজু হ’ল ৷ আনদিনা আসৰলৈ যাওঁতে দিয়াৰ দৰেই উভতি আহোতে ভোক লাগিলে দোকানত কিবা খাই লবলৈ দেউতাকে ঘোপা চাৱনিৰেই তাৰ হাতত পইচাকেইটামান দিলে ৷
বায়েকে ওচৰলৈ আহি কানৰ ওচৰত ক’লে –“আসৰততো কিবা নহয় কিবা খুৱাবই ৷”
--“ওস্ , জেইলৰোডৰ আসৰত মাত্ৰ দুটা থিনএৰাৰূট বিস্কুট আৰু হাতত এচামুচ ভূজিয়া দিয়ে ৷”
--“তেনেহ’লে তালৈ যাৱ কিয় ?”
--“তাত বজাই ভাল লাগে আৰু চাৰক বিস্কুট খুৱাই কাৰণে নাযাওঁ বুলি কম নেকি !”
--“আসৰৰ পৰা আহোতে চাৰেতো তোক প্ৰায়েই খুৱাই , আজিও খুৱাব ৷”
--“তাতে কি হ’ল তোৰ ৷”
--“জেইলৰোডৰ পৰা ওলাই দিল্লী মিষ্টান্ন ভাণ্ডাৰতে খুৱাব তোক ৷”
--“খুৱাই যদি খুৱাব , তোৰ লোভ লাগিছে কিয় ?”
--“ধুৎ, সেইটো কথা নহয় বুৰ্বক ৷ তোক খাবলৈ দিয়া পইচাৰে আমালৈ দিল্লী মিষ্টান্নৰ জিলাপী নহ’লেবা ভূজিয়া-বুন্দিয়া লৈ আহিবি ৷” দিল্লী মিষ্টান্ন আৰু ইউ পি মিষ্টান্নৰ পৰা দেউতাকে নানান মিঠাই আনিয়েই থাকে তথাপি মিঠাইৰ দোকানৰ পৰা কিবা একোটা আনি খাবলৈ সিহঁতৰ জিভাকেইখন লকলকায়েই থাকে ৷
সি দোধোৰ-মোধোৰত পৰিল ৷ হাতৰ পইচাকেইটা বাছি গ’লে সি বল এটা কিনিব বুলিহে ভাবিছিল ; টুকনহঁতৰ লগত ক্ৰিকেট খেলা ৰবৰৰ বলটো আৰু বেচিদিন নচলিব আৰু সেইবাৰ বল কিনাৰ পাল তাৰ ৷
তেনেতে চাৰ আহি পোৱাত সি তেওঁৰ সৈতে ওলাই গ’ল ৷ চাৰে তাক বাটে বাটে যাওঁতে নিয়মীয়াকৈ তবলা কিয় ৰেৱাজ কৰিব লাগে আৰু তাৰ লগতে পঢ়াশুনা কেনেকৈ ঠিককৈ ৰাখিব লাগে তাকে কৈ গ’ল ৷ মাজতে শুধিলে,-“নতুন বায়া কিনি দিলেনে দেউতাই ৷” সি মূৰ জোকাৰিলে ৷ চাৰে ক’লে,-“কিয় তেনেকুৱা বদমাচি কৰা ? কোনো বস্তু নষ্ট নকৰিবা, কিনিবলৈ বহুত খৰচ আৰু সকলোৱে বহুত কাম কৰিহে পইচা পায় ৷”
আসৰত বজাই তাৰ ভাল লাগিল , তাতে ভালেকেইজনে প্ৰশংসা কৰাত আৰু চাৰে তাৰ পিঠিত হাত বুলাই দিয়াত মনত আৰু আনন্দ লাগিল ৷ কিন্তু শেষত আকৌ সেই দুটা থিনএৰাৰূট বিস্কুট আৰু হাতত এচামুচ ভূজিয়া ৷
ওলাই আহি পুলিচবজাৰৰ ওচৰ পাওঁতেই চাৰে সুধিলে,-“খিদা পাইছে !” সি ‘ও’ বুলিয়েই ক’লে ৷ দিল্লী মিষ্টান্নত দুয়ো পুৰি-ভাজি খালে, চাৰে লগতে ল’লে একাপ চাহ ৷ ঘৰত তেতিয়াও সি চাহখোৱাৰ শাৰীলৈ উঠা নাই, চাহখোৱাৰ কথা ক’লে মাকে কয়,-“চাহ হুপিবৰ হোৱা নাই তোৰ , কলিজা ক’লা পৰিব ৷”
সি বল কিনাৰ পৰিকল্পনা বাদ দি চাৰৰ অনুমতি লৈ হাতৰ পইচাকেইটাৰে ভূজিয়া-বুন্দিয়া কিনিলে ৷ দুহাতে খবৰ কাগজৰ প্ৰকাণ্ড দুটা থুৰিয়াত ভূজিয়া আৰু বুন্দিয়া লৈ লাহে লাহে খোজ কাঢ়ি ঘৰলৈ উভতিল ৷ সন্ধিয়া সময়ত চাৰে তাক ঘৰৰ পদূলিত থৈ গ’লগৈ ৷
তাৰ হাতত থুৰিয়া দুটা দেখি বায়েকহঁতৰ মুখকেইখন উজলি উঠিল ৷ ডাঙৰ বায়েকে বাতিয়ে বাতিয়ে ভূজিয়া-বুন্দিয়া সাজিলে, মাজুবায়েকে চাহৰ পানী উতলালে ৷ সৰু বায়েকে তাক ক’লে,-“যা দেউতাক মাতি আন ৷”
--“মই নোৱাৰো , দেখা নাই কালিৰে পৰা মোলৈ কেনেকৈ ঘোপাকে চাই আছে ৷”
--“আৰু বেচি দেৰি ঘোপাকে চাই থাকিব নোৱাৰে – চকু বিষাই যাব ৷ তেতিয়া আকৌ ঠিককে চাব ৷”
সকলোৱে সন্ধিয়াৰ পাতলীয়া চাহ-পানী খাবলৈ বহিল ৷ মাকে দেউতাকক ক’লে,-“খাওক পণ্ডিত শান্তা প্ৰসাদে অনা ভূজিয়া-বুন্দিয়া ৷” মাকে নিজৰ বাতিৰ পৰা ল’ৰা-ছোৱালী কেইটাৰ বাতিত আৰু অলপ অলপ দিলে ; মাকৰ ভাগটো তাকৰীয়া হৈ পৰা দেখি দেউতাকে নিজৰ ভাগৰ পৰা মাকক অলপ দিলে ৷
সি আঁৰচকুৰে দেউতাকলৈ চালে – ঘোপা চাৱনিটো আঁতৰিছে , জান নেজান হাঁহিও বিৰিঙিছে ৷ সকলোৱে আনন্দ মনেৰে সি অনা ভূজিয়া-বুন্দিয়াৰ জুতি লৈছে ৷